এখন চৰকাৰী।বিদ্যালয়। বিদ্যালয়খনৰ অৱস্থা দেখিলেই বুজিব পাৰি ৰাজ্যৰ শিক্ষা বিভাগৰ অৱস্থা।

বিদ্যালয়খনৰ শ্ৰেণী কোঠা সমূহ পানীৰ তলত।

পানীৰ ওপৰতে পাঠদান চলিছে কণ কণ ছাত্ৰ-ছাত্ৰীৰ।

পৰিৱৰ্তনৰ ঢাক ঢোল বজাই গাদী দখল কৰা চৰকাৰখনৰ শিক্ষা বিভাগৰ এইয়া এক পঁয়ালগা ছবি।

ৰঙিয়াৰ ১ নং ৱাৰ্ডত থকা বসুমতী হিন্দী প্ৰাথমিক বিদ্যালয়ৰ কণ কণ ছাত্ৰ-ছাত্ৰী সকলে পানীৰ ওপৰত শিক্ষা গ্ৰহণ কৰাক লৈ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

দীৰ্ঘদিনে এই বিদ্যালয়খনত ছাত্ৰ-ছাত্ৰীয়ে শিক্ষাৰ নামত জীয়াতু ভুগিব লগা হৈছে।

বিদ্যালয়খনৰ এই দুৰৱস্থাৰ ফলত বিদ্যালয়খনত ছাত্ৰ-ছাত্ৰীৰ সংখ্যা দিনক দিনে হ্ৰাস পাই আহিছে।

বিদ্যালয়খনৰ শিক্ষক সকলে বিভাগীয় কত্তৃপক্ষক বাৰম্বাৰ অৱগত কৰি অহাৰ পিছতো কোনোধৰণৰ গুৰুত্ব নিদিয়াৰ অভিযোগ উঠিছে শিক্ষা বিভাগৰ বিৰুদ্ধে।

ৰাজ্যৰ শিক্ষা বিভাগৰ এই দুৰৱস্থা দেখিও চকুমুদা কুলিৰ ভাওত ধৰা শিক্ষা মন্ত্ৰী গৰাকীক তীব্ৰ সমালোচনা কৰিছে স্থানীয় ৰাইজে।